হিমন্ত চৰকাৰৰ দিনত অসমত গুপ্ত হত্যাৰ দৰে ভুৱা এনকাউণ্টাৰৰ এটা ক’লা অধ্যায় ৰচনা কৰা হৈছেঃ অখিল গগৈ…

ৰাজ্যত সংঘটিত হৈ অহা এনকাউণ্টাৰৰ ঘটনাক লৈ পুনৰ এবাৰ সৰৱ হৈছে বিধায়ক অখিল গগৈ।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনত অসমত গুপ্ত হত্যাৰ দৰে ভুৱা এনকাউণ্টাৰৰ এটা ক’লা অধ্যায় ৰচনা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে অখিল গগৈয়ে।

তেওঁ কয়- প্ৰফুল্ল মহন্তৰ দিনত যেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ আছিলে তেতিয়া অসমত গুপ্ত হত্যা হৈছিল আৰু এতিয়া কেন্দ্ৰত মোদী চৰকাৰ আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত অসমত গুপ্ত হত্যাৰ নিচিনাকৈ ভুৱা এনকাউণ্টাৰৰ এটা ক’লা অধ্যায় ৰচনা কৰা হৈছে।

গগৈয়ে কয়- মই ভাবো অসমৰ ইতিহাসত গুপ্ত হত্যা যেনেকৈ নিন্দিত হৈ থাকে, অসমৰ সমাজ জীৱনৰ সকলোৱে নাক কোচাই, অসমৰ ইতিহাসত ভুৱা এনকাউণ্টাৰো সদায় এনেকৈ নিন্দিত হৈ থাকিব। গুপ্ত হত্যাৰ নিচিনাই ভুৱা এনকাউণ্টাৰ এটা মুক্ত হত্যা। অসমত মুকলিমুৰিয়াকৈ ভুৱা এনকাউণ্টাৰৰ নামত মুক্তহত্যা প্ৰচলিত হৈ আছে।

মন্ত্ৰী পিয়ুষ হাজৰিকা ডাঙৰিয়াই নিজেই ঘোষণা কৰিছে যে, এনকাউণ্টাৰ হোৱাৰ কাৰণে অসমত ৩০ শতাংশ অপৰাধ কমিছে। অৰ্থাৎ মন্ত্ৰীয়ে এই এনকাউণ্টাৰক সমৰ্থন কৰিছে। আৰু এই এনকাউণ্টাৰ কৰাতো চৰকাৰৰ যে নীতি সেই কথা প্ৰকাৰন্তেৰে আজি স্বীকাৰ কৰিছে।-গগৈয়ে কয়।

ইপিনে আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াই এনকাউণ্টাৰৰ হোৱা বিষয়ে টুইটযোগে সদৰি কৰা সন্দৰ্ভত কয় যে, বিজেপি চৰকাৰে এনকাউণ্টাৰটো তেওঁলোকৰ চৰকাৰৰ এটা নীতি হিচাপে লৈছে। যিটো এটা গণতান্ত্ৰিক ব্যৱস্থা এটাৰ বাবে ভাবুকি স্বৰূপ।

তেওঁ কয়- অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ’ব লাগে কিন্তু তাৰ অৰ্থতো এইটো হ’ব নালাগে যে, পুলিচৰ জিম্মাত থকা মানুহক ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰা হ’ব।

ইপিনে বিজেপি চৰকাৰৰ দিনত এনকাউণ্টাৰত ২৯ জন মানুহৰ মৃত্যু হোৱা বুলি কোৱা কথাতো ভুল বুলি আখ্যা দি এনকাউণ্টাৰত ৩৫জন মানুহৰ মৃত্যু হৈছে বুলি সদৰি কৰে গগৈয়ে।

অসমত মাফিয়া ষ্টাইলত বিজেপি চৰকাৰে মুক্ত হত্যা চলাই আছে বুলি উল্লেখ কৰি তেওঁ কয়, বিজেপি চৰকাৰৰ ইতিহাসত আটাইতকৈ নিকৃষ্টতম, অন্ধকাৰ ক’লা অধ্যায় হিচাপে এই ভুৱা এনকাউণ্টাৰটো লিখা থাকিব।

Leave a Comment