fbpx
অসম

হতাশাগ্ৰস্ত! পোহনীয়া মাছৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰি নিজৰেই জীৱন শেষ কৰিলে ৰোশনে…

হতাশাগ্ৰস্তই মানুহক কিমান ভয়ংকৰ বিপদলৈ নিব পাৰে তাক কল্পনাও কৰিব নোৱাৰি।

হতাশাত ভূগি বহু লোকে বিভিন্ন সময়ত বিভিন্ন কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ জীৱন পৰ্যন্ত শেষ কৰি পোলোৱা নজিৰ নোহোৱা নহয়।

এইবাৰ তেনেই এক ঘটনা সংঘটিত হৈছে কেৰালাৰ মানাপ্পুৰামৰ চাংগাৰামকুলামত।

নিজৰ একুৰিয়ামৰ পোহনীয়া মাছৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰি শুক্ৰবাৰে নিজৰেই জীৱন শেষ কৰি দিলে ১৩ বছৰীয়া ৰোশন নামৰ এগৰাকী কিশোৰে।

শুক্ৰবাৰে পুৱাই নিজৰ ঘৰৰ চাদত চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় ৰোশনৰ মৃতদেহ।

লগে লগে পৰিয়ালৰ লোকে ৰোশনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ইতিমধ্যেই মৃত্যুক আকোৱালি লয় ৰোশনে।

পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি, ৰোশনে নিজৰ ঘৰৰ একুৰিয়ামত প্ৰতিপালন কৰা পোহনীয়া মাছৰ মৃত্যুৰ পিছত দুখত ভাগি পৰিছিল। যাৰ বাবে এই চৰম সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে।

উল্লেখ্য যে, ৰোশন মুক্কুথালাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল।

Related Articles

Back to top button