অসম
সোপাধৰাৰ সন্দেহত গণ প্ৰহাৰ! গোলাপ বৰুৱা হত্যাকাণ্ডৰে জড়িত ৮ মূল অভিযুক্তক গ্ৰেপ্তাৰ…

গোলাপ বৰুৱা হত্যাকাণ্ডৰে জড়িত ৮ মূল অভিযুক্তক গ্ৰেপ্তাৰ।
আদালতত হাজিৰ কৰাই জিম্মাত ল’লে আৰক্ষীয়ে।
সোপাধৰাৰ সন্দেহত প্ৰহাৰ কৰিছিল একাংশ লোকে।
৩১ আগষ্টত শিশু অপহৰণকাৰীৰ সন্দেহত জোনাইৰ বৈকুণ্ঠপুৰত গণ সংহাৰৰ বলি হৈছিল গোলাপ বৰুৱা।
গোগামুখ চুতীয়া গাৱঁৰ নিবাসী গোলাপ বৰুৱাক প্ৰায় ১০০ জনতকৈ অধিক লোকে অতি নৃসংশ ভাৱে হত্যা কৰিছিল ককে গাৱঁত।
দলবদ্ধ আক্ৰমণত কৰুণ মৃত্যুক সাৱটিছিল মানসিক বিকাৰগ্ৰস্ত গোলাপ বৰুৱাই।
জোনাই আৰক্ষীয়ে মুমুৰ্ষ অৱস্থাত গোলাপ বৰুৱাক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু ঘটিছিল গোলাপ বৰুৱাৰ।
অৱশেষত ঘটনাৰে জড়িত ৮জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।