fbpx
অসম

সন্তানৰ অত্যাচাৰ সহিব নোৱাৰি ডেৰ কোটি টকাৰ সম্পত্তি চৰকাৰক দান কৰিলে বৃদ্ধ পিতৃয়ে…

সন্তানৰ অত্যাচাৰ সহিব নোৱাৰি নিজৰ সমষ্ট সম্পত্তি চৰকাৰক দান কৰিলে এগৰাকী বৃদ্ধ পিতৃয়ে।

উত্তৰ প্ৰদেশ চৰকাৰক ১.৫ কোটি টকাৰ সম্পত্তি দান উত্তৰ প্ৰদেশৰ বুধনা জিলাৰ এগৰাকী বৃদ্ধ পিতৃয়ে।

দান কৰা সম্পত্তিৰে বিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণ কৰিবলৈ আহ্বান জনায় ৮০ বছৰীয়া বৃদ্ধ গৰাকীয়ে।

লগতে খটৌলী চহৰৰ ৮০ বছৰীয়া নাথু সিং নামৰ লোকজনে তেওঁৰ দেহটো এখন চিকিৎসা মহাবিদ্যালয়ক দান কৰাৰ লগতে মৃত্যুৰ পিচত একমাত্ৰ পুত্ৰ আৰু চাৰিগৰাকী কন্যাৰ কোনোৱে যাতে মৃতদেহ স্পৰ্শ কৰিব নোৱাৰে বা শেষকৃত্য সম্পন্ন কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ ইচ্ছা পত্ৰত লিখি গৈছে।

লোকজনৰ পুত্ৰ এজন শিক্ষক যদিও তেওঁ পিতৃক অৱহেলা কৰে। লোকজনৰ পত্নীৰ সাত মাহ পূর্বে মৃত্যু হৈছিল।

তাৰ পিচৰে পৰা পুত্ৰ-বোৱাৰীয়েকৰ অৱহেলা আৰু অত্যাচাৰৰ বাবে বাধ্য হৈ এখন বৃদ্ধাশ্ৰমত থাকিবলগীয়া হোৱা অশীতিপৰ সিঙে বিগত কালছোৱাত পৰিয়ালৰ কোনো লোকে তেওঁক লগ কৰিব নহাৰ বাবে দুখ কৰাৰ লগতে ক্ষোভো প্ৰকাশ কৰে।

বুধনা তহচিলৰ উপ পঞ্জীয়ক পংকজ জৈনে প্ৰকাশ কৰা অনুসৰি, যোৱা ৪ মাৰ্চত নাথু সিঙে নিজৰ আৱাসিক সম্পত্তি আৰু দহ বিঘা কৃষিভূমি ৰাজ্যৰ ৰাজ্যপালক দান কৰিবলৈ উইল দাখিল কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!