শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পৰিয়াললৈ ৫੦ লাখ টকা প্ৰদানৰ ঘােষণা অসম চৰকাৰৰ

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য মণিপুৰত উগ্ৰপন্থীৰ ভয়াৱহ আক্ৰমণত শ্বহীদ হােৱা অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰীৰ পৰিয়াললৈ ৫০ লাখ টকাৰ অৰ্থ সাহায্য প্ৰদানৰ ঘােষণা অসম চৰকাৰৰ।

Urkhao-Gwra-Brahma-Minister-Handloom-Textiles-Sericulture-visit-martyrss-Assam-Rifles-soldier-Suman-

আজি (দেওবাৰে) শ্বহীদ জােৱানজনৰ থৈকাৰাকুছিত উপস্থিত হৈ এই কথা সংবাদ মাধ্যমত আগত প্ৰকাশ কৰে অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই।

Urkhao-Gwra-Brahma-Minister-Handloom-Textiles-Sericulture-visit-martyrss-Assam-Rifles-soldier-Suman-

প্ৰায় ৮বঠছৰৰ পূৰ্বে আসাম ৰাইফলছত যোগদান কৰিছিল শ্বহীদ সুমনে।

মৃত্যুৰ সময়ত সুমনে তেওঁ বৃদ্ধা মাতৃৰ লগতে পত্নী আৰু এটি দুবছৰীয়া সন্তানক এৰি থৈ যায়।

সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ পাছতে এতিয়া বাক্সা জিলাৰ সীমামূৰীয়া টিহুৰ থৈকাৰাকুছি কাহিবাৰীৰ ঘৰখনত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

FEIac-Pa-VIAg-Ew-Pl

উল্লেখ্য যে, সুমন স্বৰ্গীয়াৰীৰ পিতৃও উগ্ৰপন্থীৰ আক্ৰমণতে মৃত্যু হৈছিল।

২০০৭nচনতে সুমন স্বৰ্গীয়াৰীৰ পিতৃ কনক স্বৰ্গীয়াৰীক নিজৰ বাসভৱনতে উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল।

ইয়াৰ পিছত সুমন স্বৰ্গীয়াৰীয়ে ২০১১চনত আছাম ৰাইফলছত যোগদান কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৩৩বছৰ।

কৰ্মত যোগদানৰ পাছত মাত্ৰ ৫বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল বীৰ জোৱানগৰাকীয়ে।

Leave a Comment