fbpx
অসম

শোকাৱহ! বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী ফৰেষ্ট বেটেলিয়ান, আহত দুই গাঁৱবাসী…

গোৱালপাৰা জিলাত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰান।

এইবাৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী বনকৰ্মীয়ে।

গোৱালপাৰা লক্ষিপুৰৰ গৌৰনগৰ শালবাৰী দ্বিতীয় খণ্ডত হাতীৰ আক্ৰমণত নিহত হৈছে বনকৰ্মীজন।

নিশা হাতী খেদিবলৈ গৈ নিহত হয় ফৰেষ্ট বেটেলিয়ান এন্টনী খাখলাৰী।

আনহাতে আহত হয় গাঁৱখনৰ দুগৰাকী স্থানীয় লোক।

তেওঁলোক হৈছে উচমান গণি আৰু সাইজুদ্দিন শেখ।

জানিব পৰা মতে নিশা ৩ মান বজাত বন্যহস্তীয়ে উপদ্ৰৱ চলাইছিল গাঁওখনত। বন্যহস্তীৰ খবৰ পাই উক্ত অঞ্চলত উপস্থিত হৈছিল বনকৰ্মীজন। আৰু হাতী খেদিবলৈ লওতেই হাতীৰ আক্ৰমণত নিহত হয় লোকজন।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!