fbpx
অসম

শোকাবহ! একেলগে ফুৰিবলৈ গৈছিল ৪ বন্ধু, দুৰ্ঘটনাত পতিত হৈ থিতাতে প্ৰাণ হেৰুৱালে ৩ জনে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে তিনি বন্ধুৱে।

৪ বন্ধুৱে একেলগে ফুৰিবলৈ যোৱাৰ পিছতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাই ৩ বন্ধুৱে।

এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাচিক-সপুতৰা ঘাইপথত।

জানিব পৰা মতে, বুধবাৰে দুগৰাকী যুৱতী আৰু দুজন যুৱকে চাৰিচকীয়া বাহনেৰে ফুৰিবলৈ ওলাই যোৱাৰ সময়ত নাছিক-সপুতৰা ঘাইপথৰ বাণীৰ চৌছালে ফাটাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ বাহনখন পথৰ কাষৰ এটা গাঁতত সোমাই পৰে।

যাৰ ফলত বাহনখনত থকা তিনি বন্ধুৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন এজন আহত হয়।

নিহত সকলক অঞ্জলি ৰাকেশ সিং (২৩), নোমন হাজীফুল্লা চৌধাৰী (২১), সৃষ্টি নৰেশ ভগত (২২) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে অজয় গৌতম (২০) নামৰ আন এজনক জীৱন্তে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!