fbpx
অসম

শিৱ মন্দিৰত চোৰৰ দৌৰাত্ম্য! মন্দিৰৰ কাছ চোৰ কৰিবলৈ আহি ৰাইজৰ হাতত আটক দুজন…

শিৱ মন্দিৰত চোৰৰ দৌৰাত্ম্য!

মন্দিৰৰ কাছ চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত দুজন।

নগাঁৱত ৰাইজে আটক কৰিলে দুই কাছ চোৰক।

নগাঁৱৰ আমোলাপট্টিৰ শিৱ মন্দিৰত কাছ চুৰক আটক ৰাইজৰ।

ধৃত চোৰ দুটা নগাঁৱৰ বেবজীয়া আৰু লাওখোৱাৰ মুন দাস আৰু বুবুল দাস বুলি জানিব পৰা গৈছে।

সোমবাৰে পুৱাই মহাদেৱৰ আশীষ ল’বলৈ আহি ভক্তই হাতে-লোটে ধৰিলে দুই কাছ চোৰক।

জানিব পৰামতে, শিৱ মন্দিৰৰ পাৰ্কৰ গেট বন্ধ কৰি থোৱা অৱস্থাত ডেৱাল পাৰ হৈ ভিতৰলৈ সোমাই দুই চোৰ।

পিছত মন্দিৰত কাম কৰি থকা মিস্ত্ৰিয়ে দেখা পাই পুৰহিতক খবৰ দিয়ে।

তাৰ পিছতে চোৰ দুটাক সোধ-পোচ কৰাত তেওঁলোকৰ পৰা এটা কাছ উদ্ধাৰ কৰি মন্দিৰৰ পুখুৰীত এৰি দিয়ে স্থানীয় ৰাইজে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ইটাচালি আৰক্ষী উপস্থিত হৈ ধৃত দুই চোৰক থানালৈ লৈ যায়।

Related Articles

Back to top button