fbpx
অসমঅসমীয়া

শতায়ু গৰকিলে কাজিৰঙাৰ মোহনমালাই

নিউজ ডেস্ক। শতায়ু গৰকিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মোহনমালাই।

জীৱনৰ এশ বছৰ পাৰ কৰি কাজিৰঙাৰ আটাইতকৈ বয়োজ্যেষ্ঠ হাতী হিচাপে পৰিগণিত হ’ল মোহনমালা।

কিন্তু আজিও তৰুণ হৈ থকা মোহনমালাই বিভিন্ন সময়ত এতিয়াও বন বিভাগক সহায় কৰি আহিছে।

photo 2022 06 10 17 52 37

নিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ পৰা বান পৰিস্থিতিৰ পৰ্যবেক্ষণলৈকে বিভিন্ন কামত এতিয়াও বন বিভাগৰ গুৰুত্বপূৰ্ণ অংগ হৈ আছে মোহনমালা।

কিন্তু বয়সৰ লগে লগে সাধাৰণ শাৰীৰিক সমস্যাও দেখা নিদিয়া নহয়। বন বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে মোহনমালাৰ দাঁত ক্ষয় যোৱাৰ বাবে এতিয়া হজম ক্ষমতা হ্ৰাস পাইছে। যাৰ বাবে হাতীজনীক হজমৰ ঔষধ খুৱাব লগীয়া হয়।

আনহাতে বৰ্তমান পাহাৰীয়া এলেকাত ৰাখি মোহনমালাৰ স্বাস্থ্যৰ যতন লোৱা হৈছে বন বিভাগৰ তৰফৰ পৰা। সেউজীয়া ঘাঁহ আৰু পৰ্যাপ্ত ভিটামিন প্ৰদান কৰা হৈ আছে শতবৰ্ষ গৰকা হাতীজনীক।

বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে অলপতে ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে মোহনমালাৰ দুই সন্তানৰ। অতি শান্ত স্বভাৱৰ হাতীজনীয়ে বনৰ আন আন হাতী পোৱালিক বৰ ভাল পায় আৰু সিহঁতৰ সৈতে খেলেও।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশ বছৰ বুকুত সামৰি এতিয়াও সুস্থ সবল হৈ থকা মোহনমালা আৰু বহু বছৰলৈকে এনেদৰে জীয়াই থকাৰ কামনা কৰিছে বন বিভাগে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!