অসম
মেডিকেল কলেজত দালালৰ দপদপনি! তেজৰ দালালি কৰা ৩ দালালক গ্ৰেপ্তাৰ আৰক্ষীৰ…

ৰাজ্যৰ মেডিকেল কলেজ সমূহত অব্যাহত আছে দালালৰ দপদপনি।
এইবাৰ বৰপেটা মেডিকেল কলেজ হাস্পতালত দালালক গ্ৰেপ্তাৰ।
মেডিকেল কলেজখনৰ পৰা পুনৰ ৩ টাকৈ দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ধৃত দালাল কেইটা হৈছে- মজিবুল হুছেইন, দিলবৰ হুছেইন আৰু আয়ুব আলী।
তেজৰ দালালিকে ধৰি ৰোগীৰ পৰিয়ালক কৰিছিল ধন দাবী।
হাস্পতালৰ সমীপতে থকা এখন ফাৰ্মাচীৰ পৰাই চলাইছিল দালালি।
বিনামূলীয়াকৈ পোৱা ঔষধো ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিবলৈ বাধ্য কৰাইছিল।
দালালৰ সম্ভেদ পালেই জনাবলৈ আহ্বান চিকিৎসালয় কৰ্তৃপক্ষৰ।