fbpx
অসম

মেট্ৰিকৰ ফলাফল বেয়া হোৱা শিক্ষানুষ্ঠানৰ অধ্যক্ষক ধমক শিক্ষামন্ত্ৰীৰ- ‘ননচেন্স কথা ন’কব’

মেট্ৰিকৰ ফলাফল বেয়া হোৱা শিক্ষানুষ্ঠানৰ অধ্যক্ষক ধমক শিক্ষামন্ত্ৰীৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল প্ৰদৰ্শন কৰা নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক ধমক দিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

বেয়া ফলাফলৰ বাবে শিক্ষাৰ্থীৰ দৰিদ্ৰতাৰ অজুহাত দিছিল অধ্যক্ষই। ইয়াতে ক্ষুব্ধ হৈ অধ্যক্ষক শিক্ষা মন্ত্ৰীৰ ধমক।

উল্লেখ্য যে, এইখন বিদ্যালয়ৰ পৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭০জন ছাত্ৰই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে মাত্ৰ ১০জনহে উত্তীৰ্ণ হৈছিল।

শিক্ষামন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক লগত লৈ বিদ্যালয়খনত উপস্থিত হৈ অধ্যক্ষ তপন কুমাৰ বৈদ্যক ইয়াৰ কাৰণ সোধাত তেওঁ কেৱল মাত্ৰ দুখীয়া ল’ৰাইহে পঢ়া-শুনা কৰাৰ বাবে এনে ফলাফল হোৱা বুলি উত্তৰ দিয়াত ক্ষোভিত হৈ পৰে শিক্ষামন্ত্ৰীগৰাকী।

ইয়াৰ পিছতে শিক্ষামন্ত্ৰীগৰাকীয়ে অধ্যক্ষ গৰাকীক ‘ননচেন্স কথা কিছুমান নক’ব’ বুলি সকীয়াই দিয়াৰ উপৰিও জিলা উপায়ুক্তক বিদ্যালয়খনৰ ওপৰত কঠোৰ দৃষ্টি নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!