অসম
মেট্ৰিকত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হলেই লাভ নকৰিব আনন্দৰাম বৰুৱা বটা, লাগিব ইমান শতাংশ নম্বৰ…

মেট্ৰিকত প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হলেই এইবাৰ লাভ নকৰিব আনন্দৰাম বৰুৱা বটা।
আনন্দৰাম বটা লাভ কৰিবলৈ প্ৰাৰ্থীগৰাকী ষ্টাৰ অথবা ডিচটিংচন লাভ কৰিব লাগিব।
২০০৫ চনৰ পৰা ৬০% নম্বৰ লাভ কৰা সকলো প্ৰাৰ্থীক প্ৰদান কৰা হৈছিল এই বটা।
কিন্তু এইবাৰ ৭৫ শতাংশৰ অধিক নম্বৰ লাভ কৰা ছাত্ৰ–ছাত্ৰীয়েহে আনন্দৰাম বৰুৱা বঁটাৰ বাবে যোগ্য বিবেচিত হ’ব।

চেৱা কৰ্তৃপক্ষই জিলা পৰিদৰ্শক বিষয়ালৈ প্ৰেৰণ কৰা জাননীত স্পষ্ট হৈছে এই কথা।
উল্লেখযোগ্য যে পূৰ্বে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ–ছাত্ৰীয়ে লাভ কৰিছিল এই বঁটা।