fbpx
অসম

মুখ্যমন্ত্ৰীয়ে কথা দিছে অগপৰ আৰু এজনে মন্ত্ৰিত্ব পাব, আমি আশাবাদীঃ অতুল বৰা…

মুখ্যমন্ত্ৰীয়ে কথা দিছে অগপৰ আৰু এজনে মন্ত্ৰিত্ব পাব। আমি আশাবাদী অসম গণ পৰিষদৰ আৰু এজন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব।

এই মন্তব্য অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত নতুনকৈ দুজন মন্ত্ৰীয়ে স্থান লাভ কৰে।

বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই নতুন মন্ত্ৰী হিচাপে শপত পাঠ পঢ়ে। লগতে দুয়োগৰাকীকে অৰ্পন কৰা হয় গুৰু বিভাগৰ দায়িত্ব।

লগতে পূৰ্বৰ মন্ত্ৰী সভাৰো বিভাগ সমূহৰ দায়িত্বৰ সালসলনি কৰা হৈছে। আন কিছুমানৰ পৰা আকৌ দায়িত্ব কৰ্তন কৰা হৈছে।

তাৰে মাজতে প্ৰশ্ন উত্থাপন হৈছে অগপৰ কোনো নতুন প্ৰাৰ্থীৰ নাম মন্ত্ৰীৰ তালিকাত প্ৰকাশ নকৰাক লৈ।

এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয়- মন্ত্ৰী সভাত আৰু নতুন মুখ দেখিবলৈ পোৱা যাব। এয়াই শেষ নহয়। মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক অগপৰ পৰা আৰু এজন দিব বুলি কৈছে। গতিকে আমি আশাবাদী মন্ত্ৰীসভাত আমাৰ আৰু এগৰাকীৰ অন্তৰ্ভুক্তি হ’ব।

উল্লেখ্য যে, আজিৰ দিনটোতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ বিভাগ সালসলনি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিভাগ সলনি কৰা মন্ত্ৰী সকলৰ ভিতৰত অন্যতম চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, বিমল বৰা।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা পূৰ্বৰ দুটাকৈ বিভাগ কৰ্তন কৰি নতুনকৈ পৰিৱেশ, বন বিভাগৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে দিয়া হৈছে এক্ট ইষ্ট আৰু সংখ্যালঘু পৰিক্রমা বিভাগৰ দায়িত্বও।

ইয়াৰ পূৰ্বে পাটোৱাৰী উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগতে পৰিবহণ বিভাগৰ দায়িত্বত আছিল।

ইফালে পাটোৱাৰীৰ ঠাইত এইবাৰ পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে পৰিমল শুক্লবৈদ্যক।

তেওঁৰ পৰা বন আৰু পৰিৱেশ বিভাগৰ দায়িত্ব কৰ্তন কৰা হৈছে। অৱশ্যে পূৰ্বৰ দৰে মীন আৰু আবকাৰী বিভাগৰ দায়িত্ব বাহাল থাকিব শুক্লবৈদ্য।

আনহাতে মন্ত্ৰী পীযূষ হাজৰিকাক পূৰ্বৰ বিভাগৰ লগতে নতুনকৈ সামাজিক ন্যায়, সবলীকৰণ বিভাগৰো দায়িত্ব অৰ্পণ কৰা হয় আজিৰে পৰা।

মন্ত্ৰী বিমল বৰাৰ পৰা শক্তি বিভাগ আৰু পৰ্যটন বিভাগ কৰ্তন কৰা হৈছে। তাৰ বিপৰীতে মন্ত্ৰীগৰাকীক নতুনকৈ দায়িত্ব প্ৰদান কৰা হৈছে উদ্যোগ আৰু বাণিজ্য বিভাগ।

বিমল বৰাৰ পৰা ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ কৰ্তন কৰা হৈছে। কিন্তু অপৰিবৰ্তিত হৈ থাকিব বৰাৰ সাংস্কৃতিক বিভাগ।

আনফালে আজি মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা নন্দিতা গাৰ্লোচাক শক্তি, সমবায় বিভাগৰ লগতে খনি আৰু খিলঞ্জীয়া জনজাতীয় বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

সেইদৰে আজি শপত লোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অৰ্পণ কৰা হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্ব। তদুপৰি দক্ষতা, নিয়োগ আৰু উদ্যমতি বিভাগ আৰু পৰ্যটন বিভাগৰো দায়িত্বতো থাকিব জয়ন্ত মল্ল বৰুৱা।

মন্ত্ৰী ৰঞ্জিত দাসৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ কৰ্তন কৰি আজিৰে পৰা প্ৰদান কৰা হৈছে সাধাৰণ প্ৰশাসন বিভাগ। অৱশ্যে মন্ত্ৰীগৰাকীৰ খাদ্য আৰু অসামৰিক বিভাগৰ দায়িত্ব অপৰিৱৰ্তিত হৈ থাকিব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!