fbpx
অসম

মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত, দীৰ্ঘদিনে চলাই আহিছিল সন্ত্ৰাস…

অসম-নাগালেণ্ড সীমান্তত মাৰণাস্ত্ৰসহ আটক দুই ডকাইত।

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল দুই ডকাইতে।

আটকাধীন দুই ডকাইত হৈছে- নাওচানৰ ২নং মৰাজানৰ ৰাজা দাস আৰু জীতু শইকীয়া।

চুঙাজানত নিশা গাড়ী ৰখাই ডকাইতি কৰাৰ চেষ্টা চলোৱাৰ সময়তে চুঙাজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই ডকাইতক।

চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত মৰাজানত নিশা প্ৰায় ১২ বজাত ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ লোৱা সময়তে আৰক্ষীয়ে অস্ত্ৰসহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

হস্তনিৰ্মিত বন্দুক দেখুৱাই ডকাইতি কৰাৰ চেষ্টা চলাইছিল ৰাজা আৰু জীতু নামৰ দুই ডকাইতে।

পূৰ্বেও পথেৰে অহা গাড়ীৰ পৰা ডকাইতি কৰাৰ চেষ্টা চলাইছিল দুই দুৰ্ধৰ্ষ ডকাইতে।

Related Articles

Back to top button