fbpx
অসমঅসমীয়া

মাজুলী-নিমাতীঘাটৰ মাজত ফেৰীসেৱা বন্ধ

নিউজ ডেস্ক। ৰাজ্যজুৰি অব্যাহত প্ৰবল বৃষ্টিপাতৰ ফলতে পুনৰ বৃদ্ধি পাইছে লুইতৰ জলপৃষ্ঠ।

ইয়াৰ ফলতে পুনৰ সাময়িকভাৱে বন্ধ হ’ল নিমাতী-কমলাবাৰী ফেৰী সেৱা।

জলপৃষ্ঠ বৃদ্ধিৰ লগতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠত ডাঠ কুঁৱলিৰ আচ্ছাদনৰ বাবেও নাও চলাচলৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে।

G8 3

সেয়ে সােমবাৰে দুপৰীয়াৰ পৰাই জল পৰিবহন বিভাগে ফেৰীসেৱা বন্ধ কৰি ৰাখিছে।

ইপিনে, জলপৃষ্ঠ বৃদ্ধিৰ ফলত পাৰঘাটসমূহাে বানৰ কবলত পৰাৰ আশংকা প্ৰকট হৈ পৰিছে।

ফেৰীসেৱাৰ লগতে মালবাহী নাওসমূহৰাে চলাচল সাময়িকভাৱে বন্ধ ৰখা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!