অসম
মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড! ৬টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈ ভস্মীভূত কেইবাটাও ঘৰ, এজনৰ মৃত্যু..

গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড।
একেলগে বিস্ফোৰিত হ’ল ৬টাকৈ চিলিণ্ডাৰ, কেইবাটাও বাসগৃহ ভস্মীভূত।
ভঙাগড় নৰকাসুৰ পাহাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
টিভি টাৱাৰৰ ওচৰৰ উদয়াচলত বিষ্ফোৰণ হৈছে ৬ টাকৈ চিলিণ্ডাৰ।

এই অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয় এগৰাকী লোকে।
তিনিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে এই অগ্নিকাণ্ডৰ ফলত।
বৰ্তমানলৈ মৃত্যু মুখত পৰা লোকগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই।