অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰাক আৰু নৈশ বাছৰ মাজত মুখামুখি সংৰ্ঘষ, কেইবাজনৰো অৱস্থা সংকটজনক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰাক আৰু নৈশ বাছৰ মাজত মুখামুখি সংৰ্ঘষত গুৰুতৰভাৱে আহত কেইবাজনো লোক।

মঙলদৈৰ পুনিয়াত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটো।

১৫নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ৩ মান বজাত সংঘটিত হোৱা দুৰ্ঘটনাত বাছখনত থকা প্ৰায় ৭ গৰাকী লোক গুৰুত্বৰভাৱে আহত হয়।

প্ৰথমে আহত সকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ৬জনক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰৰণ কৰে।

গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী NL 01K 6178 নম্বৰৰ ট্ৰাকখনে যোৰহাটৰ পৰা আহি থকা AS 01DD 8746 নম্বৰৰ নৈশ বাছত প্ৰচণ্ড খুন্দা মাৰে।

বাছখনৰ চালকসহ দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button