fbpx
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃ্ত্যুক সাৱটিলে মেট্ৰিক উত্তীৰ্ণ কিশোৰে, আহত কেইবাজনো…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃ্ত্যুক সাৱটিলে এগৰাকী মেট্ৰিক উত্তীৰ্ণ কিশোৰে, আহত কেইবাজনো।

বোকাজানত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাটো।

দেওপানী নদীত গা ধুই এখন টাটা ডি আই বাহনেৰে ঘূৰি আহোঁতে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি ৰাজপথত বাহনখন উফৰি পৰাৰ পিছতে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনা স্থলীতে মৃত্যু হয় ১৬ বছৰীয়া ৰিছিম হাঞ্চে নামৰ এজন কিশোৰৰ।

আনহাতে এই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হৈছে আন ৭জন কিশোৰ।

উল্লেখ্য যে, দেউপানী নদীত গা ধুবলৈ গৈছিল বৰলিয়া হাঞ্চে গাঁওৰ 8 জনীয়া এটা যুৱকৰ দলে।

আহতসকলক বোকাজান সমূহীয়া চিকিৎসা কেন্দ্ৰলৈ অনা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে মেট্ৰিক পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল ৰিছিম হাঞ্চে।

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ দিনাই সংঘটিত হোৱা এই শোকাবহ দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!