অসম

ভয়ংকৰ ঘটনা! বন্যহস্তীৰ লগত ধেমালি কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন যুৱকে…

মহানগৰীৰ আমচিং যোৰাবাটত ভয়ংকৰ ঘটনা।

বন্যহস্তীৰ সৈতে ধেমালি কৰিবলৈ গৈ মৃত্যুক সাৱটিলে এগৰাকী যুৱকে।

জানিব পৰা মতে, নাৰেংগীস্থিত আৰ্মি কেম্পৰ টি চি পি গেটত বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীয়ে শনি মন্দিৰ এটাৰ কাষত থকা এডাল গছৰ পাত খাই আছিল। সেই সময়তে এখন উবেৰ গাড়ীৰে যোৱা কেইজনমান যুৱকে হাতীটোৰ কাষত ৰৈ যায়।

আঁতৰৰ পৰা হাতীটো চাই থকা লোকসকলে তেওঁলোকক পিছুৱাই আহিবলৈ বাৰম্বাৰ কোৱা স্বত্বেও দুৱাৰ খুলি তিনিজন যুৱক হাতীটোৰ কাষ চাপি যায়।

আনকি যুৱক তিনিজনৰ এজনে বন্যহস্তীটোক জোকাবলৈ আগবাঢ়ি যায়।

ফলত হাতীটোৱে মূৰেৰে প্ৰচণ্ড জোৰত যুৱকজনৰ বুকুত খুন্দিয়াই দিয়াত যুৱক জন উফৰি গৈ মন্দিৰটোৰ বেৰত লাগে।

ইয়াৰ পিছতে স্থানীয় লোকে হাতীটো খেদি পঠিয়াই গুৰুতৰভাৱে আহত যুৱকজনক হাস্পতাললৈ লৈ যোৱা হয়।

স্থানীয় লোকে জানিবলৈ দিয়া মতে যুৱকজনৰ ইতিমধ্যে মৃত্যু হৈছে।

যুৱকজন চানমাৰী অঞ্চলৰ বুলিও স্থানীয় লোকে প্ৰকাশ কৰিছে যদিও তেওঁৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।

Related Articles

Back to top button