অসম

ভাল খবৰ! ভাৰতীয় বায়ু সেনাত ফ্লায়িং অফিচাৰ হিচাপে নিৰ্বাচিত অসম জীয়ৰী…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

ভাৰতীয় বায়ু সেনা বাহিনীত ফ্লায়িং অফিচাৰ হিচাপে নিৰ্বাচিত হৈছে এগৰাকী অসম জীয়ৰী।

ভাৰতীয় বায়ু সেনা বাহিনীত ফ্লায়িং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে কাছাৰ জিলাৰ সক্ষীপুৰৰ মাৰিয়া বেগমে।

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা মাৰিয়া বেগমে ভাৰতীয় বায়ু সেনা বাহিনীত ফ্লায়িং অফিচাৰ হিচাপে নিযু্ক্তি লাভৰ বাবে এএফচিএটি পৰীক্ষাত অৱতীৰ্ণ হয়।

ইয়াৰ পাছতে মাৰিয়াই বাৰাণসীত এছ এছ বিৰ এটা পাঁচদিনীয়া ব্যক্তি আৰু দক্ষতা বিকাশৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

Image

এছ এছ বিৰ সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱাৰ পাছত মাৰিয়াই চিকিৎসা পৰীক্ষাতো উত্তীৰ হয় আৰু অৱশেষত ভাৰতীয় বায়ু সেনা বাহিনীৰ ফ্লায়িং অফিচাৰৰ মেধাৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয়।

সৰ্বভাৰতীয় পৰ্যায়ত মাৰিয়াৰ এই সফলতাত এতিয়া উৎফুল্লিত সকলো।

উল্লেখ্য যে, মাৰিয়াৰ পিতৃও এগৰাকী প্ৰাক্তন ভাৰতীয় সেনা বাহিনীৰ কৰ্মী।

Leave a Reply

Your email address will not be published. Required fields are marked *