ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী যাত্ৰীবাহী বাহনৰ খুন্দাত উভালি গ’ল বিদ্যুতৰ পকী খুটা, কেইবাজনো আহত

এক ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী যাত্ৰীবাহী বাহনৰ খুন্দাত উভালি গ’ল বিদ্যুতৰ পকী খুটা, কেইবাজনো আহত।
নগৰবেৰাৰ পিজুপাৰা বকুল তলত নিশা সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।
তীব্ৰবেগী যাত্ৰীবাহী বাহনৰ খুন্দাত উভালি গ’ল বিদ্যুতৰ পকী খুটা, চিঙি গ’ল বিদ্যুত পৰিবাহী তাঁৰ।
দুৰ্ঘটনাটোৰ ফলত চালকসহ চাৰি যাত্ৰী গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন।
বৃহস্পতিবাৰৰ সন্ধিয়া প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
জানিব পৰা মতে, নগৰবেৰাৰ পৰা ধুপধৰা অভিমুখী AS01-ET-4887 নম্বৰৰ তীব্ৰবেগী ৱেগনাৰ বাহন খনে প্ৰথমে এজন বাটৰুৱাক খুন্দিয়াই গৈ নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ পকী খুটাত খুন্দিওৱাত খুটা উভালি যোৱাৰ লগতে তাঁৰবোৰো চিঙি যোৱাত বিদ্যুৎ যোগান ব্যাহত হয়।
দুৰ্ঘটনাটোত ক্ৰমে-প্ৰতিমা সূত্ৰধৰ, বিমল বিশ্বাস, মিঠুন বিশ্বাস, প্ৰীতম বিশ্বাস নামৰ ৬ বছৰীয়া এটি শিশু আৰু চালক প্ৰকাশ বিশ্বাস আহত হয়।
আহত সকলক ততালিকে নগৰবেৰা চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসকে সংকটজনক অৱস্থাত তিনিজনক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি গাঁৱখনত তীব্ৰ চাঞ্চল্য বিয়পে।