বিহুৰ আনন্দৰ মাজতে গুলীয়াগুলীৰ ঘটনা, ৰাজপথতে দুৰ্বৃত্তই গুলীয়াই থৈ গ’ল এজনক…

বিহুৰ আনন্দৰ মাজতে হাইলাকান্দিত গুলীয়াগুলীৰ ঘটনা।

বাইকত অহা তিনি জনীয়া দুৰ্বৃত্তৰ দলে গুলিয়ালে মাছুক আহমেদ বৰভুইয়া নামৰ এগৰাকী লোকক।

আহত মাছুক আহমেদ বৰভুইয়াক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ ছিপসাঙনৰ সমীপতৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা।

মাছুক আহমেদ বৰভুইয়াই AS24 8103 নম্বৰৰ বাইখনেৰে বিহুৰ দিনা নিশা কোনো কাম সমাপন কৰি ঘৰলৈ গৈ থকাৰ সময়তে মাজবাটতে হঠাতে আগভেটি ধৰি বাজাজৰ পালছাৰ বাইকত অহা তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে মাছুক আহমেদ বৰভুইয়াক গুলীয়াই পলায়ন কৰে।

পিছত স্থানীয় এগৰাকী বাহন চালকে আহত অৱস্থাত বৰভুইয়াক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসাললৈ লৈ যায়।

কিন্তু অৱস্থা কিছু গুৰুতৰ হোৱাত আহত লোকগৰাকীক হাইলাকান্দি চিকিৎসালয়ৰ পৰা শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে হাইলাকান্দি আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যাৰ নেতৃত্বত এক আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে ঘটনাস্থলীত প্ৰাথমিক তদন্ত কৰে লগতে আহত বৰভুইয়াৰ বাইকখনো উদ্ধাৰ কৰে।

অৱশ্যে বৰ্তমানলৈ দুৰ্বৃত্তৰ দলৰ কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

Leave a Comment