বিদায় বেলাত কলিজা আইতাৰ মানৱদৰদী চিন্তা! মৃত্যুৰ পূৰ্বেই দান কৰি থৈ গ’ল নিজৰ মৰম লগা চকুজুৰি

সকলোকে কন্দুৱাই অৱশেষত জীৱন যুঁজত হাৰ মানিলে অসমবাসীৰ মৰমৰ কলিজা আইতা।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে ১০৮ বছৰীয়া কলিজা আইতাই।

বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল সকলোৰে মৰমৰ সুভদ্ৰা দেৱী আইতাই।

প্ৰথমে মাডাৰ অল্ড এজ হোমৰ আৱাসী হ’লেও পৰৱৰ্তী সময়ত প্ৰমোদ তালুকদাৰৰ অল্ড এজ হোমত বাস কৰিছিল তেওঁ।

১০৮ বছৰীয়া কলিজা আইতা সকলোৰে মাজত আছিল খুব জনপ্ৰিয়।আইতাৰ মৰমলগা কথাই সকলোকে সন্মোহিত কৰিছিল।

সকলো সময়তে আইতাৰ মুখত জিলিকি আছিল এটা মৰমসনা হাঁহি।

বৃদ্ধাশ্ৰমখনলৈ অহা প্ৰতিজন লোককে মৰম কৰিছিল, আশীৰ্বাদ দিছিল আইতাই।

হাঁহি, ফুৰ্তি কৰি থকা শুভ্ৰদা দেৱীয়ে স্বাধীনতা আন্দোলনৰ সময়ত প্ৰত্যক্ষ ভাৱে অংশ লৈছিল।

ডাঙৰ পুত্ৰৰ মৃত্যুৰ পিছত স্বইচ্ছাই তেওঁ বৃদ্ধাশ্ৰমৰ আৱাসী হৈছিলহি।

সকলোৱেই মৰমৰ আইতা গৰাকীয়ে জীৱনৰ শেষ সময়ছোৱাত কৰি থৈ গ’ল মানৱদৰদী চিন্তা।

মৃত্যুৰ পূৰ্বেই নিজৰ মৰমলগা চকুজুৰি দান কৰি থৈ গ’ল কলিজা আইতাই।