fbpx
অসম

বাল্য বিবাহৰ অভিযোগত জে’লত একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ, পেটৰ তাড়নাত পথত ভিক্ষা খুজিছে মাতৃ-পত্নীয়ে…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছেতে বাল্যবিবাহৰ বিৰুদ্ধে অধিক তৎপৰ হৈছে অসম আৰক্ষী।

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বহু বেআইনী স্বামীক।

কিন্তু অসম চৰকাৰে হঠাতে চলোৱা এই অভিযানত দিশহাৰা হৈ পৰিছে বহু সাধাৰণ পৰিয়াল।

পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰক বাল্যবিবাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া পথৰ ভিক্ষাৰী হ’ব লগা হৈছে এটা পৰিয়াল।

ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ আইৰকাটা-নামাচলাত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা।

অঞ্চলটোৰ শ্বাহ জাহান নামৰ এগৰাকী স্বামীক বাল্য বিবাহৰ বাবে আৰক্ষীয়ে জে’ললৈ প্ৰেৰণ কৰাৰ পাছতে তেওঁৰ পত্নী আৰু মাতৃয়ে এমুঠি আহাৰৰ বাবে ৰাস্তাই ৰাস্তাই ভিক্ষা খুজিবলগীয়া হৈছে।

উল্লেখ্য যে, ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী শ্বাহ জাহানৰ পিতৃ গোলাম মহাম্মদ বেমাৰত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছে। একমাত্ৰ উপাৰ্জনকাৰী জন এইদৰে আৰক্ষীৰ জালত পৰি জে’ললৈ যোৱাৰ লগে লগে পৰিয়ালটোলৈ হাহাকাৰ নামি আহিছে।

যাৰ বাবে পথে পথে ভিক্ষা কৰি আহাৰৰ ব্যৱস্থা কৰে পৰিয়ালটোৱে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!