অসম

বান বিভীষিকাৰ মাজতে মৰ্মান্তিক ঘটনা, বাঢ়নী পানীত পৰি প্ৰাণ গ’ল দুই কণমানিৰ…

বান বিভীষিকাৰ মাজতে মৰ্মান্তিক ঘটনা।

বাঢ়নী পানীত পৰি প্ৰাণ গ’ল দুই কণমানিৰ।

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত গন্ধিয়া অয়েঙিয়া মিচিং গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

গাঁওখনৰ উমা কান্ত পাৱৰৰ ৮ বছৰীয়া কন্যা অঞ্জু মণি পাৱ আৰু নীল কান্ত পাৱৰ কন্যা জীনা মণি পাৱে(১০ ) বুধবাৰে দুপৰীয়া সমীপৰ হাৰ্হি নদীৰ পানীত গা ধুই থাকোতে অকস্মাত পানীত ডুব যায়।

পাছত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ তৰফৰ পৰা সন্ধান চলাই দুয়োগৰাকী কিশোৰীক মুমূৰ্খ অৱস্থাত উদ্ধাৰ কৰি ধেমাজি জিলা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

দুগৰাকী অবুধ কিশোৰীৰ অকাল মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটো শোকাচন্ন কৰি তুলিছে।

পৰিয়ালৰ লোক সকলে কনমানি দুজনীয়ে উপযুক্ত চিকিৎসা নোপোৱাৰ অভিযোগ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।

Related Articles

Back to top button