বান বিভীষিকাৰ মাজতে উদ্ধাৰ এজন বৃদ্ধ বাংলাদেশী, ৰাইজে শুশ্ৰূষা কৰি গতালে আৰক্ষীক…

বানৰ বিভীষিকাৰ মাজতে ৰাইজৰ হাতত আটক এজন বাংলাদেশী।
দক্ষিণ কামৰূপৰ বকোৰ শিচাপীঠ গাঁৱত নিশা লোকজনক ৰাইজে আটক কৰি গতালে আৰক্ষীক।
জানিব পৰা মতে, নিশা গাঁৱখনত এজন অচিনাকী বয়োজেষ্ঠ লোকক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। পিছত সোধা পোচা কৰাত লোকজনে অকপটে বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰ কৰে।
লোকজনৰ নাম মতিউৰ ৰহমান(৬৫)বুলি জানিব পৰা গৈছে।
লোক জনে তিনিদিন পূৰ্বে বাংলাদেশৰ পৰা আহি অসমত উপস্থিত হোৱাৰ কথা উল্লেখ কৰিছে। লগতে তেওঁ স্থানীয় ৰাইজৰ সন্মুখত অসমত থকা ভনীয়েকৰ ঘৰলৈ অহা বুলি সদৰি কৰা বুলি জানিব পৰা গৈছে।
নিশা খালি ভৰিৰে, গাত এখন কাপোৰ মেৰিয়াই হাতত এটা মলিয়ন বেগ লৈ লোকজন গাঁওখনত উপস্থিত হৈছিল।
পিছত গাঁওবাসীয়ে ভোকাতুৰ লোক জনক ভাত পানী খুৱাই আৰক্ষীক গটাই দিয়ে। লোকজনক আজি স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব।
পৰীক্ষাৰ পিছত বকো আৰক্ষী থানাৰ অধীনত থকা আশা দ্বীপ’কেম্পত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষীৰ লোকে জানিবলৈ দিয়ে।