অসম

বান বিধ্বস্ত অসমঃ বানত নিহতৰ পৰিয়াললৈ ৪ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়াব চৰকাৰে…

ৰাজ্যৰ বানাক্ৰান্ত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স।

কনফাৰেন্সত ৰাজ্যৰ বান পৰিস্থিতিক লৈ কৰা পৰ্যালোচনা সভাত কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই জিলা উপায়ুক্ত সকলক আশ্ৰয় শিবিৰত থকা বা এনে আশ্ৰয় শিবিৰ সদৃশ পৰিৱেশত থকা সকলো মানুহৰ নাম পঞ্জীয়ন কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত এখন মাষ্টাৰ ৰেজিষ্টাৰ বনাবলৈ নিৰ্দেশ দি সচিবসকল আৰু জিলাৰ দায়িত্বত থকা মন্ত্ৰীসকলক সেই মাষ্টাৰ ৰেজিষ্টাৰখন দিবলৈ কয়৷

ইয়াৰ ভিত্তিতে আশ্ৰয় শিবিৰত থকা বা এনে আশ্ৰয় শিবিৰ সদৃশ পৰিৱেশৰ পৰা ঘৰলৈ ঘূৰি যোৱা লোকসকলক ৩৮০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে বানত মৃত্যুবৰণ কৰা লোকৰ বিপৰীতে ৪ লাখকৈ টকা ক্ষতিপূৰণ আগবঢ়োৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

এই সাহায্য শীঘ্ৰে প্ৰদানৰ বাবে জিলা উপায়ুক্তসকলক তথ্য-প্ৰমাণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।

Related Articles

Back to top button