fbpx
অসমঅসমীয়া

বাজেট ২০২৩-২৪! ৰাজ্যৰ ৮ খন মহাবিদ্যালয়ক উন্নীত কৰা হ’ব বিশ্ববিদ্যালয়লৈ, ৫০০ খন উচ্চ মাধ্যমিক বিদ্যালয়লৈ ১ কোটি টকাকৈ অনুদান…

নিউজ ডেস্কঃ শিক্ষা খণ্ডক লৈ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত গুৰুত্বপূৰ্ণ ঘোষণা।

৫০০খন উচ্চ মাধ্যমিক বিদ্যালয়লৈ ১ কোটি টকাকৈ পুঁজি আগবঢ়োৱাৰ সিদ্ধান্ত।

১০০খন বিদ্যালয়ক নিৰ্মাণ কৰা হ’ব আদৰ্শ বিদ্যালয় হিচাপে। ইয়াৰ বাবে ২৫০০ কোটি টকা ধাৰ্য বাজেটত।

চলিত বছৰত আন ১০০খন নতুন চাহ বাগিচা উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ কাম গ্ৰহণ।

আনহাতে, শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যাল, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ পৰ্যালয়লৈ উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে বাজেটত।

ইফালে, গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় নামেৰে এখন নতুন বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথাও ঘোষণা কৰা হয় বাজেটত। ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা উপগ্ৰহীয় চৌহদ স্থাপনৰ লক্ষ্য লোৱা হৈছে।

ইয়াৰ উপৰি চাহ বাগিচাৰ শ্ৰমিক লাইনত বসবাস কৰা চাহ শ্ৰমিকৰ পৰিয়ালক বকেয়া বিদ্যুতৰ বিলৰ ধনৰাশি এককালীন সাহায্য হিচাপে ৰেহাই দিয়াৰ ঘোষণা অজন্তা নেওগৰ।

ইয়াৰ বাবে ধাৰ্য কৰা হৈছে ১৫০ কোটি টকা।

চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণৰ পৰিমাণ ১২ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ।

মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত চাহ বাগিচাৰ লেবাৰ লাইনত ১০ হাজাৰ গৃহ নিৰ্মাণৰ পৰিকল্পনা।

চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ক অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত এটা পৃথক উপ–শ্ৰেণী হিচাপে স্বীকৃতি দিয়া হ’ব।

চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত অ’বিচি কোটাৰ ভিতৰত তেওঁলোকৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা বিবেচনা কৰা হ’ব।

Related Articles

Back to top button