fbpx
অসম

বাজেট ২০২২-২৩ঃ বাজেটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বিশেষ ঘোষণা বিত্তমন্ত্ৰীৰ…

অসম বিধানসভাত ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ।

সকলোৰে আশীষ বিচাৰি বিধানসভাত বাজেট দাখিল।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ কলিৰে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ ভাষণ আৰম্ভ।

অজন্তা নেওগৰ মুখত- ‘তোৰে মোৰেআলোকৰে যাত্ৰা….’

বাজেটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ কেতবোৰ ঘোষণা আগবঢ়ায় বিত্তমন্ত্ৰী অজন্তা নেওগে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যৰে গোলাঘাট, নগাঁও, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত ২৪১ টা চোৰা্ং চিকাৰ বিৰোধী শিবিৰৰ নৱীকৰণৰ কাম হাতত লোৱা হৈছে বুলি বাজেটত ঘোষণা।

ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে কাজিৰঙাৰ পৰা কাৰ্বি আংলঙলৈ পাৰ হোৱা জীৱ-জন্তুসমূহৰ নিৰাপদ অহা যোৱা নিশ্চিত কৰিবলৈ ৩৫ কিলোমিটাৰৰ এটা এলিভেটেড কৰিডৰ আৰু সুৰংগৰ সৈতে ৪ লেনযুক্ত পথৰ নিৰ্মাণৰ প্ৰস্তাৱ।

এই প্ৰকল্পৰ আনুমানিক ব্যয় ৪৮৬৫ কোটি টকা হ’ব বুলি বাজেটত ঘোষণা অজন্তা নেওগৰ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দ্বিতীয়, তৃতীয় আৰু পঞ্চম সংযোজন হিচাপে আৰু ১৯৮৫ চনত ঘোষণা কৰা অনুসৰি ৮৩২ হেক্টৰ অতিৰিক্ত ভূমি অধিগ্ৰহণ কৰা হৈছে।

এই ভূমি অধিগ্ৰহণে অঞ্চলটোত বসবাস কৰা ১০৮৫ টা পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছে। অধিগ্ৰহণ কৰা ভূমিৰ মুঠ ক্ষতিপুৰণ হিচাপে ২০২২-২৩ বৰ্ষৰ সময়ছোৱাত ৪৮.০৮ কোটি টকাৰ পেকেজ ঘোষণা।

চৰকাৰখনে তেওঁলোকক বিকল্প স্থানলৈ স্থানান্তৰ হোৱাত সহায় কৰিব। অংশীদাৰীসকলৰ সৈতে পৰামৰ্শমৰ্মে নটা হস্তী কৰিড’ৰ সোনকালেই জাননীকৃত কৰা হ’ব বুলিও বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!