অসম

বাজেট ২০২২-২৩ঃ বকোত ১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব বৃদ্ধাবাস…

অসম বিধানসভাত ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ।

সকলোৰে আশীষ বিচাৰি বিধানসভাত বাজেট দাখিল।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ কলিৰে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ ভাষণ আৰম্ভ।

অজন্তা নেওগৰ মুখত- ‘তোৰে মোৰেআলোকৰে যাত্ৰা….’

ক’ভিড মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিশ্বৰ অৰ্থনীতি।

স্বাস্থ্যকৰ্মীৰ সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন অজন্তা নেওগৰ।

বাজেটত বিহালী অভিযান্ত্ৰীক কলেজলৈ ৫৪.৭১ কোটি টকা ধাৰ্য।

বাজেটত শুৱালকুছি অভিযান্ত্ৰীক কলেজলৈ ৫৪.৭১ কোটি টকা ধাৰ্য।

লগতে বঙাইগাঁও অভিযান্ত্ৰীক কলেজলৈ ৫৪.৭১ কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত।

২০৯খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে ৩ কোটিকৈ ধাৰ্য।

বাজেটত ৯ খন আদৰ্শ মহাবিদ্যালয়লৈ ২০৭.০৫ কোটি টকা ধাৰ্য।

কাছাৰৰ সোণাই, বৰপেটাৰ চেঙা, নগাঁৱৰ বটদ্ৰৱা, দৰঙৰ মঙলদৈ, ধুবুৰীৰ গোলকগঞ্জ, গোৱালপাৰাৰ জলেশ্বৰ, ধুবুৰীৰ বিলাসীপাৰা, হাইলকান্দি আৰু কৰিমগঞ্জ কলেজলৈ এই ধন।

লগতে যোৰহাট মহিলা বিশ্ববিদ্যালয়লৈ ২৫ কোটি টকা ধাৰ্য কৰা হয় বাজেটত।

লগতে ৬খন বিশ্ববিদ্যালয়লৈ ৩০০ কোটি টকাৰ সাহায্য ধাৰ্য কৰা হয় বাজেটত।

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ব বিদ্যালয়, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়ে লাভ কৰিব এই পুঁজি।

লগতে ৯খন মহিলা কলেজলৈ আগবঢ়োৱা হ’ব ২২৫ কোটি টকাৰ সাহাৰ্য।

বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়লৈ ৫৬৪.৪৩ কোটি টকা ধাৰ্য।

চৰাইদেউ চিকিৎসা মহাবিদ্যালয়লৈ ৫৫৭ কোটি টকা ধাৰ্য।

৪০টা ক্ৰীড়া প্ৰকল্পৰ বাবে ১২ কোটিকৈ মুঠ ৪৮০ কোটি টকা ব্যয় কৰিব চৰকাৰে।

লগতে ৫খন নতুন চিকিৎসা মহাবিদ্যালয়লৈ চৰকাৰে আগবঢ়াব ৫০০ কোটিকৈ পুঁজি।

সেই কেইখন হৈছ্- ধেমাজি চিকিৎসা মহাবিদ্যালয়, গোলাঘাট চিকিৎসা মহাবিদ্যালয়, বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়, তামুলপুৰ চিকিৎসা মহাবিদ্যালয় আৰু মৰিগাঁও চিকিৎসা মহাবিদ্যালয়।

লগতে গুৱাহাটীৰ চন্দ্ৰপুৰত ১২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব ষ্টেডিয়াম।

আজাৰাত ৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব কৃষি সামগ্ৰী ৰপ্তানিৰ বাবে শীতলীকৰণ ভঁড়াল।

আঞ্চলিক দুগ্ধ সংসাধন গোটলৈ ১২ কোটি টকা ধাৰ্য।

ৰাজ্যৰ ১০খন জিলাত ষ্টেডিয়াম নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। প্ৰতিখন ষ্টেডিয়ামত ব্যয় হ’ব ৫০ কোটি টকাকৈ।

বাজেটে মধ্য অসমৰ বাবে আনিছে এক ভাল খবৰ।

বাজেটত জোঙালবলহু ক্ষেত্ৰ নিৰ্মাণৰ বাবে ৫০ কোটি টকা ধাৰ্য।

বাজেটত ছাত্ৰ ছাত্ৰীসকৰ বাবে আন এক ডাঙৰ ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।

উচ্চতৰ মাধমিকত প্ৰথম বিভাগ পোৱা সকলো ছাত্ৰ-ছাত্ৰীকে প্ৰদান কৰা হ’ব স্কুটাৰ।

১ লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়া প্ৰতিশ্ৰুতিত অটল ৰাজ্য চৰকাৰ।

কাৰ্বি আংলঙত নিৰ্মাণ কৰা হ’ব বিমান বন্দৰ। বাজেটত শিলচৰত নতুনকৈ বিমান বন্দৰৰ প্ৰস্তাৱ।

১০ খন জিলাত নিৰ্মাণ কৰা হ’ব সংহত উপায়ুক্ত কাৰ্যালয়। উপায়ুক্ত কাৰ্যালয়ৰ সৈতে থাকিব সকলো কাৰ্যালয়। যাৰ বাবদ চৰকাৰে ব্যয় কৰিব মুঠ ৫০০ কোটি টকা।

ৰাজ্যত স্থাপন কৰা হ’ব ২ হাজাৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ। প্ৰতিটো কেন্দ্ৰটে ২৫ লাখ টকা খৰচ কৰিব চৰকাৰে।

৫০০ কোটি টকা ব্যয় কৰিব সমাজকল্যান বিভাগে।

লগতে ৰাজ্যত ২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব নতুন ৰেচম কলেজ।

ঘূণাসুঁতিত ৩০৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব উন্নত মানৰ দলং।

আনহাতে পাগলাদিয়াৰ ওপৰত ২০০ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হ’ব দলং।

তেজপুৰ মিছন চাৰিআলিত ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে ১০০ কোটি টকা ধাৰ্য বাজেটত।

বৰ্তমানে চাহ বাগিচা এলেকাত ১.৪৩ লাখ পৰিয়াললৈ পাইপযোগে পানী যোগান। ২২-২৩ বিত্তীয় বৰ্ষত চাহ বাগিচাৰ ২.৯ লাখ পৰিয়াললৈ পানীৰ যোগান ধৰাৰ লক্ষ্য।

৮০০ খন চাহ বাগিচাৰ প্ৰধান অঞ্চলত ‘মহাপ্ৰভু জগন্নাথ সমূহীয়া আৰু দক্ষতা কেন্দ্ৰ’ ভৱন নিৰ্মাণৰ বাবে ২০০ কোটি ধাৰ্য।

টাই আহোম, মৰাণ, মটক, চুতিয়া আৰু কোচ ৰাজবংশীৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ২৫ কোটি টকা ধাৰ্য।

স্নাতকোত্তৰ ছাত্ৰীলৈ প্ৰতিবছৰে এক যাতায়তী বানচ হিচাপে ১০ হাজাৰ টকাৰ অনুদান।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যোগ্য ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰদান কৰা আনন্দৰাম বৰুৱা বঁটা অব্যাহত থাকিব।

কামৰূপ জিলাৰ বকোত নিৰ্মাণ কৰা হ’ব বৃদ্ধাবাস।

বৃদ্ধাবাস নিৰ্মাণৰ বাবে বাজেটত ১০০ কোটি টকা ধাৰ্য চৰকাৰৰ।

ৰাজ্যত নিৰ্মাণ হ’ব ১২৫টা বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ।

প্ৰতিটো কেন্দ্ৰত ১.৬০ কোটি টকাকৈ মুঠ ২০০ কোটি টকা ব্যয় কৰিব চৰকাৰে।

গুৱাহাটী বাসীক বিশুদ্ধ খোৱাপানী যোগনৰ অৰ্থে ১৪২৭ কোট টকা ধাৰ্য বাজেটত।

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বাবে বাজেটত ৭৭০ কোটি টকা ধাৰ্য।

লগতে গুৱাহাটী -উত্তৰ গুৱাহাটী মাজত দলঙৰ বাবে ২৬০৮.৬৯ কোটি টকা ধাৰ্য।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button