নিউজ ডেস্ক। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী পুনৰীক্ষণত পুনৰ উন্মােচিত হ’ল ছেবা কৰ্তৃপক্ষৰ গাফিলতি।
বহী পুনৰীক্ষণৰ জৰিয়তে শিৱসাগৰৰ শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা দত্তই দশম স্থান লাভ কৰা পিছতে আন এগৰাকী ছাত্ৰই বহী পুনৰীক্ষণৰ জৰিয়তে দশম স্থান লাভ কৰিছে।

এই ছাত্ৰগৰাকী হৈছে ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অবিনাশ চহৰীয়া।
পুনৰ পৰীক্ষা নিৰীক্ষণ কৰাত অবিনাশ চহৰীয়াই লাভ কৰিছে দশম স্থান।
বহী নিৰীক্ষণত হােৱা ভুলৰ বাবে পূৰ্বে ঘােষিত ফলাফলত ছাত্ৰজনে সাধাৰণ গণিতত মাত্ৰ ৫৬ নম্বৰহে পাইছিল।
ইয়াৰ পিছত পুনৰ নিৰীক্ষণত ১০০ নম্বৰ পাবলৈ সক্ষম হ’ল অবিনাশ চহৰীয়াই।
উল্লেখ্য যে ১৯৩০ চনত স্থাপিত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা অৱতীর্ণ মেধাবী ছাত্র অবিনাশ চহৰীয়া ছিপাঝাৰৰ ভুক্তাবাৰী (শীতলাবড়ি) গাঁৱৰ অৱসৰপ্ৰাপ্ত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান বদন চন্দ্ৰ চহৰীয়া আৰু কবিতা চহৰীয়াৰ কনিষ্ঠ পুত্ৰ।
অবিনাশ চহৰীয়াই এইবেলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাত জুনত ঘোষিত ফলাফলত পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ ৯০ শতাংশ নম্বৰ প্ৰাপ্তিৰে উত্তীৰ্ণ হৈছিল।
মুঠ ৫৪০ নম্বৰ লাভ কৰা অবিনাশ চহৰীয়াই সাধাৰণ গণিতত লাভ কৰিছিল মাত্র ৫৩ নম্বৰ।
ছাত্ৰগৰাকীয়ে অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনৰ শিক্ষাগুৰুসকলৰ লগতে পিতৃ-মাতৃৰো আশা আছিল যে অবিনাশে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিব।
এইক্ষেত্ৰত অতি দৃঢ় আছিল মেধাৱী ছাত্ৰগৰাকীও।
সেয়ে তেওঁৰ পিতৃয়ে ছেবাত সাধাৰণ গণিত আৰু অসমীয়া বিষয়ৰ উত্তৰবহীৰ পুনৰ নিৰীক্ষণৰ আবেদন কৰাৰ ফলতে আজি অবিনাশ চহৰীয়াই পালে সন্তোষজনক ফলাফল।
ফলাফল অনুসৰি তেওঁ সাধাৰণ গণিতত পূৰ্বৰ ৫৩ নম্বৰৰ পৰিবৰ্তে ১০০ নম্বৰ আৰু অসমীয়াত পূৰ্বৰ ৯১ নম্বৰৰ পৰিবৰ্তে ৯২ নম্বৰ লাভ কৰে।
অবিনাশে অসমীয়াত ৯২, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০ সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৬ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।
৯৮ শতাংশ নম্বৰ লাভ কৰা অবিনাশৰ মুঠ প্রাপ্ত নম্বৰ ৫৮৮।
এই ফলাফলৰ পিছতে বৃহত্তৰ ছিপাঝাৰ অঞ্চলতে আনন্দৰ বন্যা বৈছে। স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীয়েও ছাত্ৰগৰাকীলৈ অভিনন্দন জনাইছে।
লগতে চাওকঃ

1 thought on “বহী পুনৰীক্ষণৰ জৰিয়তে মেট্ৰিকত দশম স্থান লাভ অবিনাশৰ…”
Comments are closed.