অসম
বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰিদৰ্শন কৰিলে নগাঁৱৰ বিভিন্ন অঞ্চল…

নগাঁও জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
বুধবাৰে দিনৰ ১.৩০ বজাত ৰেলেৰে নগাঁৱৰ চাপৰমূখত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী।
চাপৰমূখৰ বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰীয়ে।

চাপৰমূখৰ পৰা পুনৰ ৰেলেৰে কামপুৰলৈ বান পৰিস্থিতি বুজ লবলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী ড° শৰ্মা।
তাৰপাছতেই কামপুৰৰ পৰা নগাঁও যোগে বিয়লি ৩ বজাত উপস্থিত হয় দক্ষিণপাতত।
দক্ষিণপাতৰ লগতে বৰকোলাৰ বান আক্ৰান্ত এলেকা পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ।
গাড়ীৰে বিয়লি ৫ বজাত ৰহাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী।

ৰহাৰ পৰা ৬ বজাত নেলী এলেকাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, ইয়াৰ পৰা উভতি আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া আলোচনাত মিলিত হ’ব মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক সকলৰ সৈতে।