বন্যহস্তীৰ সন্ত্ৰাসঃ খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে ভাঙিলে বিদ্যালয় গৃহ…

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ।

এইবাৰ বনৰীয়া হাতীয়ে ভাঙি চুৰমাৰ কৰিলে বিদ্যালয় গৃহ।

যোৱা নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই নগাঁও জিলাৰ চামগুৰিৰ পদুমণি শিলপুখুৰী হাইস্কুল খনৰ বিস্তৰ ক্ষতি সাধন কৰে।

বিদ্যালয়ৰ বহু দৰকাৰী আচবাব ভাঙি বিস্তৰ ক্ষতি সাধন কৰে বনৰীয়া হাতীটোৱে।

লগতে ক্ষতিগ্ৰস্ত কৰিছে বহু লোকৰ বাসগৃহ, ভঁড়াল ঘৰ, পাকঘৰৰ লগতে নতুনকৈ ৰোৱা খেতি পথাৰ।

এটা বৃহৎ হতীৰ জাকে নিশা হ’লেই অঞ্চলটোত তাণ্ডৱ চলাই বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।

যাৰ বাবে বিগত বহু দিন ধৰি বিনিদ্ৰ ৰজনী কটাইছে অঞ্চলবাসীয়ে।

ইফালে স্থানীয় লোকসকলে বন বিভাগক নিতৌ বিষয়টো অৱগত কৰি আহিছে যদিও বন বিষয়া সকলৰ হেমাহিৰ বাবেই হাতী কেইটা খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বুলি ক্ষোভ উজাৰিছে ভুক্তভোগীয়ে।

শীঘ্ৰে বৃহত্তৰ চামগুৰি অঞ্চলত বিগত বহুদিন ধৰি উপদ্ৰৱ চলাই থকা বনৰীয়া হাতী কেইটাক খেদি পঠিয়াবলৈ সংশ্লিষ্ট বন বিভাগক কাতৰ আহবান জনাইছে ভুক্তভোগী ৰাইজে।

Leave a Comment