২৬ হাজাৰ পদৰ নিযুক্তিত কেলেংকাৰী হোৱাৰ উৰাবাতৰি বিয়পোৱাৰ অভিযোগত অৱশেষত গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস।
দীৰ্ঘসময় জেৰাৰ অন্তত শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিক্টৰক।
তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধন লেনদেন হোৱাৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰক।
অসম আৰক্ষীয়ে এটা টুইটত কয়, ‘ভুৱা উৰাবাতৰি প্ৰচাৰ কৰি চৰকাৰী পদত বাছনিক লৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত মতানৈক্য জগাই তোলাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ভিক্টৰ দাসক।
কিন্তু ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ ঘটনাক তীব্ৰ গৰিহনা দিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
তেওঁ কয়-অভিযোগকাৰীক গ্ৰেপ্তাৰৰ ঘটনা নাভূত-নাশ্ৰুত ঘটনা। এইয়া গণতন্ত্ৰৰ সম্পূৰ্ণ পৰিপন্থী ঘটনা। ভিক্টৰ দাসে কেৱল অভিযোগ কৰিছিল আৰু সেই অভিযোগৰ বিচাৰ হোৱা জৰুৰী আছিল। কিন্তু বিচাৰ কৰাৰ পৰিৱৰ্তে অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰি চৰকাৰে জনাই দিছে যে, এই দেশত গণতন্ত্ৰ নাই। বৰ্তমান এই দেশত ফেচীবাদ চলিছে। এই দেশত কোনেও সঁচা কথা ক’ব নোৱাৰে।
তেওঁ লগতে কয়- এই দেশত দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলেই গ্ৰেপ্তাৰ কৰা হয়। এই কথা ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি প্ৰমান কৰিছে হিমন্ত বিশ্ব চৰকাৰে।
লগতে ভিক্টৰ দাসক অতি সোনকালে মুকলি কৰি দিবলৈ দাবী জনাই ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে।