পুনৰ ৰাজ্যত ৰেগিঙৰ ভয়ংকৰ ঘটনা, নিৰ্যাতনৰ বলি হৈ জীৱন-মৃত্যুৰে যুঁজিছে ছাত্ৰই, ৩ জনক আটক

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিমা সনা ঘটনা।
ৰেগিঙৰ নামত চৰম নিৰ্যাতনৰ বলি হৈ জীৱন-মৃত্যুৰে যুঁজ এজন ছাত্ৰৰ।
এজন ছাত্ৰক ওৰেনিশা প্ৰহাৰ জ্যেষ্ঠ ছাত্ৰৰ।
বিশ্ববিদ্যালয়খনৰ পি এন জি বি ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।
জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুত্বৰ ভাৱে আহত হৈছে আনন্দ শৰ্মা নামৰ ছাত্ৰজন।
আনন্দ শৰ্মা বাণিজ্য শাখাত অধ্যয়নৰত।
ৰেগিঙৰ নামত ছাত্ৰজনক বিগত প্ৰায় তিনি মাহ ধৰি শাৰিৰীক নিৰ্যাতনৰ অভিযোগ কৰিছে ছাত্ৰজনৰ পৰিয়ালৰ লোকে।
ছাত্ৰ জনৰ মাতৃয়ে জানিবলৈ দিয়া মতে আনন্দ শৰ্মাক ৰাতি শুৱলৈ নিদিয়াৰ লগতে এটা ৰাতিত ৮০ টাকৈ চৰ মাৰিছিল। যাৰ ফলত ছাত্ৰজনৰ এডাল হাড় ভাঙি গৈছিল।
ছাত্ৰজন বৰ্তমান এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে।
ইপিনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া।
It has come to notice that a Dibrugarh University student is hurt in an alleged case of ragging. Close watch maintained & followup action coordinated with district admn. Efforts on to nab the accused, victim being provided medical care.
— Himanta Biswa Sarma (@himantabiswa) November 27, 2022
Appeal to students, say NO to Ragging.
টুইটাৰযোগে ঘটনা সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে আহত ছাত্ৰক উপযুক্ত চিকিত্সা প্ৰদানৰো নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইতিমধ্যেই এই বৰ্বৰ ঘটনা সন্দৰ্ভত ৩ জনক আটক কৰিছে আৰক্ষীয়ে।