
নিউজ ডেস্ক। দুই কণমানি শিশুৰ সাহসিকতাই দৃষ্টি আকৰ্ষণ কৰিছে বিভিন্নজনৰ। পুখুৰীত আবদ্ধ হৈ পৰা এটা হৰিণাক উদ্ধাৰ কৰে শিশু দুটিয়ে।
এই ঘটনা নগাঁও জিলাৰ ৰূপহীহাটৰ।
উল্লেখ্য যে ৰূপহীহাটৰ পূব লৰিৰমুখত দেওবাৰে এটা হৰিণা উদ্ধাৰ হয়।
জানিব পৰা মতে, স্থানীয় পুখুৰীত গা ধুবলৈ যাওঁতে নিজামূল আৰু নিজাম উদ্দিন নামৰ দুটি কণমানিয়ে প্ৰথমে প্ৰত্যক্ষ কৰে হৰিণাটো।

দুয়ো পুখুৰীত আবদ্ধ হৈ পৰা হৰিণাটো উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যায় আৰু সাহসিকতাৰ পৰিচয় দি হৰিণাটাে উদ্ধাৰ কৰে।
অৱশ্যে ইয়াৰ মাজতে সামান্য পৰিমাণে আহত হয় নিজামূল হক আৰু নিজাম উদ্দিন নামৰ কণমানি দুটি।

হৰিণাটো উদ্ধাৰ কৰি চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই আহে।
হৰিণাটো লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহাৰ সন্দেহ স্থানীয় ৰাইজৰ।
স্থানীয় ৰাইজে লাওখোৱা বন বিভাগক খবৰ দি হৰিণাটো চমজাই দিয়ে বুলি জানিব পৰা গৈছে।