অসম

পিষ্টলসহ আৰক্ষীৰ জালত নগা যুৱক, কি উদ্দেশ্যৰে লৈ আহিছিল মাৰণাস্ত্ৰ…?

চৰাইদেউৰ নামতোলাত .২২ পিষ্টল আৰু ৫ ৰাউণ্ড সজীৱ গুলীসহ আৰক্ষীৰ জালত এগৰাকী নগা যুৱক।

চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নাগালেণ্ড সীমান্তত সেনা আৰু নামতোলা আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক৷

এক গোপন সূত্ৰৰ ভিত্তিত ১২ অসম ৰাইফল আৰু নামতোলা আৰক্ষীৰ যুটীয়া অভিযান চলাই নামতোলাৰ লাদৈগড়ত কোনো লোকক বিক্ৰী কৰিবলৈ অহা অৱস্থাত মাৰণাস্ত্ৰ সহ জালত পৰে যুৱকজন।

ধৃত যুৱকজন নগালেণ্ডৰ মন জিলাৰ টিজিটৰ মানকাপ কন্যাক (৩৪) বুলি জানিব পৰা গৈছে৷

সম্প্ৰতি নামতোলা আৰক্ষী থানাত  আৰক্ষীয়ে জেৰা অব্যাহত ৰখা নগা যুৱকজনৰ জিম্মাৰ পৰা এটা মোবাইল ফোনো উদ্ধাৰ কৰিছে।

নামতোলা আৰক্ষীয়ে নগা যুৱকজনৰ বিৰুদ্ধে ২৫ (১) এ ধাৰাৰ অধীনত ৩৯/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

পূজাৰ বতৰত যাতে কোনোধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত নহয়, তাৰবাবেও চৰাইদেউ আৰক্ষীয়ে নিৰাপত্তা কটকটীয়া কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *