পথত গছ পেলাই ডকাইতি কাণ্ডঃ আৰক্ষীৰ জালত মাষ্টাৰ মাইণ্ড আতাউৰ ৰহমান…

পূজাৰ আনন্দৰ মাজতে ডবকাত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

ৰাষ্ট্ৰীয় ঘাইপথত গছ পেলাই কেইবাখনো বাহনত লুটপাত চলাইছিল এটা ডকাইতৰ দলে।

সোমবাৰে নিশা ডবকাৰ শালবাগানত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এজোপা প্ৰকাণ্ড শাল গছ কাটি বগৰাই এটা ১০-১৫ জনীয়া অস্ত্ৰ–শস্ত্ৰৰে সজ্জিত ডকাইতৰ দলে ডকাইতি কাণ্ড সংঘটিত কৰিছিল৷

উক্ত ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড আতাউৰ ৰহমান আৰক্ষীৰ জালত পৰিছে।

আতাউৰ ৰহমান ওৰফে বাবুলৰ পৰিকল্পনাত সংঘটিত হৈছে এই ডকাইতি কাণ্ড।

হোজাই জিলাৰ যমুনা গাঁৱৰ পৰা আটক কৰা হৈছে ধৃত আতাউৰক।

হোজাইৰ আৰক্ষী অধিক্ষক পণজিৎ দুৱৰাৰ নেতৃত্বত চলা এক অভিযানত আৰক্ষীৰ জালত পৰে ধৃত আতাউৰ।

উল্লেখ্য যে, ডকাইতৰ দলটোৱে প্ৰায় ১৫খন মান সৰু ডাঙৰ বাহনত লুটপাত চলায়।

ডকাইতৰ দলটোৰ প্ৰহাৰত এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে কেইবাজনো সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

ডকাইটৰ দলটোৱে নগদ ধন, মেবাইল ফোন আৰু সোণৰ আ-অলংকাৰ লুট কৰিছিল।

Leave a Comment