অসম

পত্নী স্নেহৰ অপূৰ্ব নিদৰ্শন! অসুস্থ আইতাক হুইল চেয়াৰত বহুৱাই পূজা দেখুৱালে ককাই, ভাইৰেল…

দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে এখন ভাল লগা ফটো।

যিখন ফটোত প্ৰকাশিত হৈছে পত্নী স্নেহৰ এক অপূৰ্ব নিদৰ্শন।

অসুস্থ পত্নীক হুইল চেয়াৰত বহুৱাই পূজা চাবলৈ লৈ আহিলে এগৰাকী ককাই।

অসুস্থ আইতাক দুৰ্গা পূজাৰ আনন্দ উৎসৱৰ পৰা বঞ্চিত হ’বলৈ নিদিলে ককাই।

ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ককা-আইতাৰ এই মন জুৰোৱা ফটোখন হৈছে নগাঁৱৰ।

নগাঁও চহৰৰ তেলীয়াপট্টিৰ এই দম্পত্তী ওলাই আহে মহা নৱমী উপভোগ কৰিবলৈ।

পূজা মণ্ডপত গৈ মাৰ আৰ্শীবাদ ল’লে বৃদ্ধ দম্পতীয়ে।

এই দৃশ্যই মহানৱমীত দৃষ্টি আকৰ্ষণ কৰে নগাঁও চহৰৰ বহু লোকৰ।

Related Articles

Back to top button