fbpx
অসম

পত্নী আৰু দুই সন্তানক এৰি কে এল অ’ত যোগদান আক্ৰাছুৰ প্ৰাক্তন সদস্য জোন কোচৰ…

কে এল অ’ত যোগদান আক্ৰাছুৰ প্ৰাক্তন সদস্য জোন কোচৰ।

সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ একাংশ যুৱক-যুৱতীয়ে যোগদান কৰি থকাৰ মাজতে এইবাৰ নামনি অসম আৰু পশ্চিমবংগৰ একাংশ কোচ ৰাজবংশী যুৱক-যুৱতী কমতাপুৰ লিবাৰেচন অর্গেনাইজেচনত যোগদান কৰাৰ খবৰ প্ৰকাশ পাইছে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আলফা আৰু কে এল অ’ৰ সৈতে শান্তি আলোচনা প্ৰক্ৰিয়াৰ প্ৰচেষ্টা আগবঢ়াই নি থকা বুলি চৰকাৰী পক্ষই দাবী কৰি থকাৰ সময়তে নিষিদ্ধ ঘোষিত সংগঠন দুটাত ব্যাপক হাৰত নতুন সদস্য ভর্তি হোৱা কথাই তাৎপর্য বহন কৰিছে।

কমতাপুৰ স্বায়ত্তশাসিত এলেকা, বি টি আৰু আৰু পশ্চিমবংগত কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহ আৰু আন কেইবাজনো নেতাৰ নেতৃত্বত এই সদস্য ভর্তি অভিযান চলি থকা বুলি জানিব পৰা গৈছে।

এইবাৰ বঙাইগাঁও জিলা সদৰ থানা আৰু বিদ্যাপুৰ উপ-আৰক্ষী পহৰা চকীৰ অন্তৰ্গত চিকিবিকি হোল্লাগুৰি গাঁৱৰ বাসিন্দা তথা আক্ৰাছুৰ প্ৰাক্তন সদস্য জয় প্রকাশ বৰ্মন ওৰফে জোন কোচ নামৰ যুৱকজনে কমতাপুৰ লিবাৰেচন অর্গেনাইজেচনত যোগদান কৰিছে।

ইতিমধ্যে সামৰিক পোছাকত মাৰণাস্ত্ৰ হাতত লৈ সংবাদ মাধ্যমলৈ জয় প্রকাশ বৰ্মনে এক ভি ডি অ’ বার্তা প্ৰেৰণ কৰিছে আৰু কমতাপুৰ পুনৰুদ্ধাৰ কৰাৰ বাবে তেওঁ সশস্ত্র সংগ্ৰামত যোগদান কৰা বুলি প্ৰকাশ কৰে।

তেওঁ ভি ডি অ’ বার্তাটোত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে আৰু কোচ কমতা ৰাজ্য পুনৰ গঠন কৰিবলৈ দাবী জনায়। অন্যথা কেন্দ্ৰীয় চৰকাৰ ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলিও কয়।

জানিব পৰামতে প্ৰাক্তন আক্রাছু সদস্য জয় প্রকাশ বৰ্মন নামৰ যুৱকজন বিবাহিত আৰু দুই সন্তানৰ পিতৃ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!