নৃশংস হত্যাকাণ্ড! পত্নীক নিৰ্মমভাৱে হত্যা কৰি পুতি থ’লে মাটিৰ তলত, তীব্ৰ চাঞ্চল্য…

এক নৃশংস হত্যাকাণ্ড।
পত্নীক নৃশংসভাৱে হত্যা কৰি মাটিৰ তলত মৃতদেহ পুতি থোৱাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে।
নগাঁৱৰ ডিমৰুগুৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
মমী দাস (৩০) নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
স্বামী নাৰায়ণ দাসে হত্যা কৰি পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
জানিব পৰা মতে, মৃত মমী দাস নগাঁৱৰ নেচনেল একাডেমী নামে এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।
ফাঁকুৱাৰ দিনাৰ পৰাই নিৰুদ্দেশ হৈ আছিল মৃত মমী দাস।
দেওবাৰে শ্ৰমিকে মাটি খান্দিবলৈ আহি প্ৰত্যক্ষ কৰে মমী দাসৰ মৃতদেহ।
ইয়াৰ পিছতে আৰক্ষীয়ে গাঁত খান্দি মমী দাসৰ মৃতদেহ উদ্ধাৰ কৰে।
ইপিনে দুদিন ধৰি পলাতক হৈ আছে স্বামী নাৰায়ণ দাস। নাৰায়ণ দাস পেছাত ই-ৰিক্সা চালক।
স্থানীয় লোকৰ মতে, নাৰায়ণ দাসে প্ৰায়ে নিশা সুৰামত্ত অৱস্থাত নিজ পত্নীক মাৰধৰ কৰিছিল।
সেয়ে পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।