
নিউজ ডেস্ক। যােৰহাট চহৰৰ মাজমজিয়াত যােৱা ২৯ নৱেম্বৰত সংঘটিত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া আৰক্ষীয়ে ক্ষিপ্ৰতৰ কৰি তােলাৰ সময়তে এইবাৰ এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযােগত আটক হােৱা নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত পথ দুৰ্ঘটনাত হােৱা মৃত্যুৰ ঘটনাক লৈ তদন্ত ঘােষণা।
এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে যােৰহাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ (ভাৰপ্ৰাপ্ত) দেৱব্ৰত কলিতাই।
এই ঘটনাক লৈ পৰিয়াল নাইবা আন কােনাে ব্যক্তিৰ হাতত যিকােনাে ধৰণৰ তথ্য বা ওজৰ-আপত্তি থাকিলে আদালতত উপস্থিত হৈ সাক্ষ্যদান কৰিবলৈ অনুৰােধ জনােৱা হৈছে।
উক্ত ন্যায়িক তদন্তৰ পৰৱৰ্তী শুনানিৰ দিন অহা ১৫ ডিচেম্বৰ ধাৰ্য কৰা হৈছে।