
পুনৰ বহিঃৰাজ্যত কৰ্মৰত অৱস্থাক অকাল মৃত্যু ঘটিল অসমৰ যুৱকৰ।
এইবাৰ ঘটনাৰ স্থান প্ৰতিবেশী ৰাজ্য নাগালেণ্ড।
মৃত যুৱকজনৰ নাম নিতুল ডেকা বুলি জানিব পৰা গৈছে। যুৱকজনৰ ঘৰ কামৰূপ জিলাৰ ৰঙিয়াৰ মধুকুছিত।

ঘটনাৰ বিৱতণী মতে, ৰঙিয়া মধুকুছিৰ ভগীৰথ ডেকাৰ পুত্ৰ নিতুল ডেকাই প্ৰায় তিনিবছৰ পূৰ্বৰে পৰা নাগালেণ্ডৰ কিষ্টােন ইনফ্ৰা প্ৰাঃ লিমিটেড নামৰ এটা কােম্পানীত ফ’কলেণ্ড গাড়ীৰ অ’পাৰেটৰ হিচাপে কাৰ্মৰত আছিল।
এই কামৰ জৰিয়তে পৰিয়ালক পােহপাল দিছিল যুৱকজনে।
কিন্তু পাহাৰত খনন কাৰ্য্যত ব্যস্ত থকাৰ সময়তে পাহাৰৰ শিল বাগৰি আহি নিতুল ডেকাই অকাল মৃত্যুক সাৱটি লয় বুলি কােম্পানী কৰ্তৃপক্ষই পৰিয়ালৰ লােকক অৱগত কৰে।
এই খবৰ লাগ কৰাৰ লগে লগে যুৱকজনৰ ঘৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।
ইতিমধ্যে নিতুলৰ মৃতদেহ স্বগৃহত উপস্থিত হােৱাৰ পাছত শােকাকুল পৰিৱেশত যুৱকজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।
লগতে চাওকঃ
বৰফৰ ধুমুহাৰ মাজতো হাতত ৰাইফল লৈ কৰ্তব্যত সেনা জোৱান! ভিডিঅ’ দেখি অভিভূত দেশবাসী
