নদীবান্ধৰ বিৰোধিতা কৰাৰ অধিকাৰ এজন শিল্পীৰ আছেঃ বিধায়ক অখিল গগৈ

নিউজ ডেস্ক। চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া।
নদীবান্ধ বিৰোধী শ্ল’গান লিখাৰ অভিযোগত অৰুণাচল আৰক্ষীয়ে দেওবাৰে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা চিত্ৰশিল্পীগৰাকীক সোমবাৰে দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়।
ইফালে নদীবান্ধৰ বিৰোধিতা কৰাৰ বাবেই গ্ৰেপ্তাৰ হোৱা নীলিম মহন্তৰ মুক্তিৰ দাবী জনাইছে বিভিন্ন দল-সংগঠনে।
ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰে আৰু চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে।

বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমক সম্বোধন কৰি অখিল গগৈয়ে কয় যে ন’ বিগ ডেম বুলি লিখাৰ অধিকাৰ এগৰাকী শিল্পীৰ আছে।
নীলিম মহন্তই নদীবান্ধৰ বিৰোধিতা কৰি ছবি অঁকাৰ অধিকাৰ তেওঁৰ আছে। কিন্তু তাৰ বাবে চিত্ৰশিল্পীগৰাকীক গ্ৰেপ্তাৰ কৰাটো অগণতান্ত্ৰিক বুলি মন্তব্য কৰে অখিল গগৈয়ে।
নীলিম মহন্তক অনতিবিলম্বে মুকলি কৰি দিয়াৰ লগতে ভৱিষ্যতে এনে অগণতান্ত্ৰিক আৰু ফেচীবাদী কামৰ পৰা আতৰি থাকিবলৈ অৰুণাচল প্ৰদেশ চৰকাৰক দাবী জনায় বিধায়ক অখিল গগৈয়ে।

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে লগতে কয়, ‘আমি সকলোৱে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰো। এজন শিল্পীয়ে বৃহৎ নদীবান্ধ হব নালাগে বুলি নিশ্চিতভাৱে কব পাৰে। ন’ বিগ ডেম বুলি তেওঁ লিখিব পাৰে। কিন্তু তাৰ বাবে গ্ৰেপ্তাৰ্ হোৱাৰ ঘটনা পৃথিৱীৰ ক’তো নাই।’
অৰুণাচল প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যত বিজেপি চৰকাৰৰ দিনত যি অগণতান্ত্ৰিক ভাৱে, আক্ৰোশমূলকভাৱে মানুহৰ ওপৰত আক্ৰমণ আৰম্ভ হৈছে, নীলিম মহন্তৰ গ্ৰেপ্তাৰ তাৰেই প্ৰমাণ বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে।
উল্লেখ্য যে, সংবাদ মাধ্যমক সম্বোধনৰ সময়ত বিধায়ক অখিল গগৈয়ে অসম বিধানসভাৰ অধ্যক্ষৰ ভূমিকা আৰু আৰক্ষীৰ এনকাউণ্টাৰক লৈও প্ৰশ্ন উত্থাপন কৰে।