দেশবাসীক গৌৰৱান্বিত কৰা লাভলীনালৈ প্ৰদেশ কংগ্ৰেছৰ আৰ্থিক সাহায্য ঘোষণা…

টকিঅ’ অলিম্পিকত পদক জিনি দেশবাসীক গৌৰৱান্বিত কৰিলে অসম তনয়া লাভলীনা বৰগোহাঁয়ে।

অলিম্পিকত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া লাভলীনা বৰগোহাঁই।

অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমৰ খেলুৱৈ হিচাপে পৰিগণিত হ’ল লাভলীনা বৰগোঁহাই।

লাভলীনাক লৈ আৰ্থিক সাহাৰ্য্য ঘোষণা প্ৰদেশ কংগ্ৰেছৰ।

বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই ভূপেন বৰাই লাভলীনালৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

৩ লাখ টকাৰ সাহায্য আগবঢ়াম অসম প্ৰদেশ কংগ্ৰেছে।

উল্লেখ্য যে, অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা লাভলীনাই ৯ আগষ্টত গুৱাহাটীত উপস্থিত হ’ব।

Leave a Comment