নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন অঞ্চলত অব্যাহত আছে একাংশ উদণ্ড ডাম্পাৰ চালকৰ সন্ত্ৰাস।
এইবাৰ তীব্ৰবেগী ডাম্পাৰে ৰাষ্ট্ৰীয় ঘাইপথত পিছফালৰ পৰা মহটিয়াই নিলে এখন স্কুটী।
এই দুৰ্ঘটনাৰ ফলতে প্ৰাণ গ’ল স্কুটী আৰােহী এগৰাকী টে’ট্ শিক্ষকৰ।

মৃত শিক্ষকজনৰ নাম প্ৰদীপ কুমাৰ নাথ।
জানিব পৰা মতে, কৰিমগঞ্জত এম এ পৰীক্ষা দি বন্ধুৰ সৈতে স্কুটীত (AS-11-W-6037) উঠি কালাইন অভিমুখে ওভতাৰ পথতে বদৰপুৰ ঘাট স্থিত জঙলা কালীবাৰীৰ প্ৰৱেশ পথৰ সন্মুখত ঘাইপথত এখন তীব্ৰবেগী ডাম্পাৰে (TR-01A-U-1532) স্কুটীখনক পিছফালৰ পৰা মহটিয়াই নিয়ে।
এই দুৰ্ঘটনাত মূৰত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত টে’ট্ শিক্ষক প্ৰদীপ কুমাৰ নাথৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘােষণা কৰে।
এই ঘটনাত শােকত ভাগি পৰিছে মৃত শিক্ষকগৰাকীৰ আত্মীয়-স্বজন।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল