অসম

ডিব্ৰুগড় ষ্টেট বেংকত মহিলাৰ লগত অসৎ কাৰ্য চৰিতাৰ্থ কৰা ৰিতুৰাজ গগৈক গ্ৰেপ্তাৰ…

অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত।

ডিব্ৰুগড় ষ্টেট বেংকত মহিলাৰ লগত অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ চেষ্টা কৰা লম্পট ৰিতুৰাজ গগৈক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

১৪ চেপ্তেম্বৰত ডিব্ৰুগড়ৰ ষ্টেট বেংকত এই লজ্জাজনক কাণ্ড সংঘটিত কৰিছিল লম্পটটোৱে।

এগৰাকী মহিলাক কাউন্টাৰত ধনৰ লেনদেনৰ বাবে শাৰীপাতি থকাৰ অৱস্থাত অসৎ ব্যৱহাৰ কৰিছিল লম্পটটোৱে।

সেই অপৰাধতে শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰে ৰিতুৰাজ গগৈ নামৰ এটা লম্পটক।

শিৱসাগৰ ৰাজ্যিক পৰিবহন বাছ আস্থানৰ পৰা কৰায়ত্ব কৰে ৰিতুৰাজ গগৈক।

শিৱসাগৰ সদৰ থানাৰ নগৰ উপ পৰিদৰ্শক জ্যোতিষ ফুকনৰ নেতৃত্বত আৰক্ষীৰ দলে শিৱসাগৰ বাছ আস্থানৰ পৰা কোনো স্থানলৈ পলায়নৰ যো-জাঁ কৰোতেই কৰায়ত্ব কৰে ৰিতুৰাজক।

ঘটনা সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছিল।

উল্লেখ্য যে মঙলবাৰে ৰিতুৰাজে মহিলাগৰাকীৰ অজ্ঞাতেই বেংকতে অসৎ কাৰ্য্য চৰিতাৰ্থ কৰাৰ বাবে চেষ্টা চলাইছিল

সেই সমগ্ৰ ঘটনা বন্দী হৈছিল কেমেৰাত।যাৰ ফলত ৰাজ্যজুৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *