অসম

ছ’চিয়েল মিডিয়াত ভাইৰেল আৰক্ষীয়ে টকা ভাগ বাটোৱাৰা কৰা দৃশ্য, সর্বত্র প্রতিক্রিয়া…

ছ’চিয়েল মিডিয়াত ভাইৰেল আৰক্ষীৰ টকা ভগোৱাৰ দৃশ্য।

নাহৰকটীয়া এটা পৰিত্যক্ত এলেকাত তিনি আৰক্ষীৰ লোকে গোপনে টকাৰ ভাগ-বাটোৱাৰা কৰা দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে সম্প্ৰতি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

সম্প্ৰতি নাহৰকটীয়াতে কার্যনির্বাহ কৰি থকা আৰক্ষীৰ লোককেইজনে টকা ভাগ কৰাৰ দৃশ্য মোবাইলে মোবাইলে বিয়পি পৰাত বিষয়টোক লৈ ব্যাপক চৰ্চা হৈছে।

জানিব পৰা মতে এই দৃশ্য কিছুদিনৰ পূৰ্বৰ। ইয়াৰ পূৰ্বে নাহৰকটীয়া আৰক্ষী থানাত কৰ্মৰত বিষয়াজনক সংবাদ মাধ্যমৰ সৈতে জড়িত জনৈক কর্মীয়ে উক্ত দৃশ্য প্ৰদান কৰিছিল যদিও ৰহস্যজনক কাৰণত সেই সময়ত বিষয়টো সংবাদ মাধ্যমত উপস্থাপনৰ পৰা বিৰত থাকে।

ইফালে আৰক্ষীৰ লোকে এনেকৈ টকা ভাগ বাটোৱাৰা কৰাৰ দৃশ্য প্ৰকাশ হৈ পৰাৰ লগে লগে জিলা আৰক্ষী অধীক্ষকজনে অনুসন্ধান কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে নাহৰকটীয়াত বৰ্তমানে কৰ্মৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়েও টকা ভাগ-বাটোৱাৰা কৰা এই দৃশ্য তেওঁৰ কাৰ্যকালৰ নহয় বুলি স্পষ্ট কৰি দিছে।

Related Articles

Back to top button