অসম
চাঞ্চল্যকৰ! স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডেম্পত উদ্ধাৰ বস্তাই-বস্তাই খালি কাৰ্টিজসহ সক্ৰিয় গুলী…

সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱস।
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াৰ এটা ডেম্পত উদ্ধাৰ হৈছে বস্তাই-বস্তাই গুলীৰ খালি কাৰ্টিজ।
খালী কাৰ্টিজৰ উপৰি উদ্ধাৰ কেইবাজাই সক্ৰিয় গুলী।
তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ নেতৃত্বত চলা অভিযানত জব্দ হৈছে ১৯ বস্তা গুলীৰ খালী কাৰ্টিজ আৰু কেইবাজাই সক্ৰিয় গুলী।
ইতিমধ্যে ডেম্পটোৰ স্বত্ত্বাধিকাৰী বিৰেন্দ্ৰ শ্বাহক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
ইয়াৰ উপৰি ডেম্পটোত অইলৰ চুৰি সামগ্ৰী, চুৰি মটৰ চাইকেল থকাৰ কথাও আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে।