অসম
চাঞ্চল্যকৰ দিন ডকাইতি! আৰক্ষীৰ বেশত অহা দুৰ্বৃত্তই লুটি নিলে নগদ ৩১ লাখ টকা…

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা।
চাংসাৰিত দিন দুপৰতে সংঘটিত হৈছে ডকাইতিৰ ঘটনা।
আৰক্ষীৰ বেশত অহা দুৰ্বৃত্তই লুটি নিলে নগদ ৩১ লাখ টকা।
চাংসাৰি আৰক্ষী থানাৰ পৰা মাত্ৰ ৩০০ মিটাৰ সমীপৰ ভাৰতীয় খাদ্য নিগমৰ ভৰালৰ সন্মুখৰ পৰা এই ধন লুট কৰে।
জানিব পৰা মতে, ভাৰতীয় খাদ্য নিগমত কৰ্মৰত শংকৰজ্যোতি ট্ৰাক মালিক সন্থাৰ আছিল ধনখিনি।
ট্ৰাকৰ ভাড়া দিবলৈ আনি থকা অৱস্থাতে আৰক্ষীৰ বেশত অহা দুৰ্বৃত্তই লুটি নিয়ে ধনখিনি।
ট্ৰাক মালিক সন্থাৰ বিষয়ববীয়া ৰঞ্জিত নাথ ওৰফে টুটুৱে এখন বলেৰো বাহনত লৈ আহিছিল ধনখনি।
ঘটনা সন্দৰ্ভত চাংসাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।